এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পূর্ণিমাত : টেঙাজানৰ পৰা কোলাৰ পৰা জোনটো দাঙি ধৰি পাহাৰটোৱে ক'লে : চোৱাঁ চোৱাঁ, এয়া মোৰ ঐশ্বৰ্য তুমি ক'লা ঃ চোৱাঁ, পাহাৰ আৰু জোন আমাৰ ঐশ্বৰ্য মই ক'লোঁ ঃ হয় হয় আমাৰ এই ঐশ্বর্য তেওঁলোকৰ যি সকল আহি গুচি গৈছে যিসকল আহিবলৈ বাকী আছে আৰু আমাৰ তোমাৰ, মোৰ, তেওঁৰ আমাৰ ৷ ।। সকলো ৰঙৰ সিপাৰে ৷ ৷ ৫৩