যেন এটা নেযায় নুপুৱায় দিন যেন এটা নেযায় নুপুৱায় দিন। বহি বহি ভৰি কুট কুটোৱা দিন। এটা আৱৰ্তত ঘূৰি আছোঁ— যান্ত্ৰিক গতি যেন, নিয়মমাফিক। এইখন চিকিৎসালয়, আহে আৰু যায় ৰোগী — কোনোবা ঘূৰি যায় স্পন্দিত হৃদয়, আন্দোলিত দেহ-মন লৈ; কোনোৱে নিষ্পন্দ নিথৰ দেহটো কাঠ কৰি। অহা আৰু যোৱা - তাৰ মাজতে অলপ ব্যস্ততা, অলপ হিচাপ- নিকাচ— সময়ৰ জমা-খৰচৰ, আন বহুতৰ --- অলপ আদৰ, অলপ তিক্ততা আৰু অৱশেষ বুলিবলৈ সফলতা নাইবা বিফলতা বুলি কিবা এটা বায়বীয় - প্রয়োজন অলপ স্পন্দনৰ, মুকলি বতাহৰ আলোড়িত স্পৰ্শৰ, প্ৰয়োজন অলপ তিতা-কেঁহা, এজাক ৰ'দৰ, অলপ ওখোৰা-মোখোৰা আৰু উজুটিৰ— প্ৰয়োজন গন্তব্য স্থানক আৰু আৰম্ভণি বিন্দুৰ হুমুনিয়াহবোৰ বাৰান্দাখনত এৰি আমি ওলাই আহিছোঁ— চোতালত এখোজ মাথোন, এটোপাল বৰষুণ— কি বৰণ সলোৱা বতৰ— প্ৰেমৰ দৰে । আত্মবিশ্বাসত ওলাই আহিলো— প্ৰয়োজন আশ্ৰয়ৰ মুকলি বতাহত, আশ্ৰয় নিৰন্তৰ যাত্ৰাত ৷ হুৰমূৰাই বৰষুণজাক আহিল—তিতিবলৈ আৰম্ভ কৰিলোঁ—মই আৰু মোৰ সহযাত্ৰী; তেওঁৰ টনচিল, মোৰ বুকুৰ বিষ। ওহোঁ বৰষুণ আমাৰ আশ্ৰয় নহয় । কি যে অভদ্র আঘাত! বাটৰ কাষতে বৃহৎ বৃক্ষৰ আৱেষ্টনী। ৰক্ষা নিশ্চয় পৰিম। এটা মন্দিৰ—গুৰু গম্ভীৰ, যেন জ্বালা-জৰ্জৰ হৈ গম্ভীৰ হোৱা এগৰাকী নাৰীৰ মুখ । এটা মন্দিৰ কোনোবা ।। সকলো ৰঙৰ সিপাৰে ৷৷ ৪৩
পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৪৫
অৱয়ব