সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছাটিবোৰ আমাৰ আটাইৰে মূৰৰ ওপৰত এটা দুটা বহুত ছাটি। ছাটিবোৰ আমাৰ পৰিশ্ৰমৰ ফচল । আমাৰ বহু যুদ্ধ, বহু আকাংক্ষাৰ পৰিণতি। একোটা ছাটিৰ বাবে আমি যুগ পর্যন্ত কালাতিপাত কৰোঁ—সাধনাত নিমগ্ন হওঁ, শান্তিত আলাপ কৰোঁ, ভ্ৰাতৃৰ তেজত লেটি লওঁ। আমাৰ এই ছাটিবোৰ –আমাৰ মূৰৰ ওপৰত এটা, দুটা, বহুতো...। অথচ আমি তীব্ৰ ৰ'দত শুকাইছোঁ, বৰষুণৰ প্ৰখৰ আঘাত শিৰ পাতি লৈছোঁ। আমি আটায়ে জানিছোঁ ছাটিবোৰত চালনীৰ দৰে ফুটা ওলাইছে। বিধ্বস্ত হোৱাৰ ভয়ত আমি মাথোঁ ঊর্ধমুখী হোৱা নাই । কোনো ভগৱানেই কোনো ভগৱানেই এতিয়া ব্যাধৰ শৰত নমৰে। তেজ খাই খাই সিহঁত তেজ বটিয়াই মৰে । কোনো যমুনা এতিয়া নিৰ্মল নহয় যে তীৰত দুৱৰি গজিব আৰু খাবলৈ হৰিণবোৰ আহিব। অৰণ্যৰ নিৰ্জন পথত বিড়াল খোজত কোনো ব্যাধে এতিয়া চিকাৰ বিচাৰি নুফুৰে। ৰাজপথতে ব্যাধৰ সন্মুখত নিজে দেও মাৰি থিয় হয়হি হৰিণ। এচমকা পোহৰ আৰু এক প্ৰাণঘাটী আঘাত । তাৰ আগলৈকে তাৰ অভুক্ত উদৰ । ।। সকলো ৰঙৰ সিপাৰে ৷৷ ৩৮