সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কোঠাৰ চুকত, বেৰৰ কাষত উঁই উঠিছে। চৌদিশে জলমগ্ন মাটি। এয়া উঁইবোৰৰ আত্মৰক্ষাৰ বাবে আশ্রয় নে দুৰভিসন্ধিমূলক অভিযান৷ সিহঁতৰ বাঁহ ভাঙি ফেনাইল ছটিয়াই দিছোঁ৷ গোন্ধ আঁতৰাবলৈ সুগন্ধি ধূপ জ্বলাইছোঁ৷

মই ওলাই আহোঁ৷ লগত লগৰীয়া লৈ আহোঁ৷ উপভোগ কৰোঁ পানীস্পৰ্শৰ মাদকতা৷
মাতৃগর্ভব আশ্রয় কি এনেকুৱাই কোমল৷

সৃষ্টিতো পানী, প্রলয়তো পানী ।
পানী! পানী!



আমাৰ সকলোৰে ভিতৰত একোখন সাগৰ টলবল৷ গছবোৰৰ ভিতৰত এখন নদী৷ তাৰ
নিছিগা ধাৰত ফুল ফল— নতুন জীৱন! আহক বৃষ্টি মূষলধাৰ! মোক বিস্তৃত কৰি তোলক ফুল,ফল আৰু কুঁহিপাতৰে৷

।।সকলো ৰঙৰ সিপাৰে৷৷৩৫