এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মুৰ দুপিয়ালে গছজোপাই :
ছাত্ৰী নিবাসৰ ফুলনি
ৰণত নামি তেনেই আথানি৷
(তিনি)
বোলো ককাই,
আকাশ এই ফালেদি পায় নে নেপায়?
পায়, পায়, এইফালেই সিহঁতৰ থকা ঠাই।
হয়নে, তাত হেনো দেৱদাৰু জোনাক পায়
হেনো একেলগে পায়
হেমন্তৰ পুৱা, শীতৰ দুপৰীয়া
গ্রীষ্মৰ আবেলি!
হয়, হয়, এয়ে সেই সেন্দুৰীয়া আলি!
তাত হেনো হাঁহিবোৰে লৰি-ঢাপৰি ফুৰে,
চমকত বিজুলী ৰেখা
খোজত পদুম ফুলে
তাত হেনো ৰাগ মেঘমল্লাৰ
অমৃতবর্ষীণি
আৰু সকলো সাবটি একোগৰাকী স্নেহময়ী মাতৃ৷
হয়, হয়, ঠিকেই
সৌৱা, সৌৱা, সিহঁত তাতেই।
।।সকলো ৰঙৰ সিপাৰে৷৷২৮