ক'ত
ক'ত কিমানবাৰ মোৰ জন্ম হৈছে নাজানো । মোৰ জন্ম পিতৃৰ ৰেতঃনিঃসৰণত, মাতৃৰ
গৰ্ভ উদৰ নিৰ্গমনত, পুষ্টিদাতা শস্যৰ অভ্যন্তৰত। মোৰ জন্ম মোৰ সন্তানত। আৰু
কতবাৰ! মোৰ আদিতম জন্মৰ কথা মই নাজানো। শস্যৰ বুকুলৈ বৃষ্টি হৈ আহিলোঁ নে
শব্দ অথবা বিদ্যুৎ-তৰঙ্গ হৈ আহিলো নাজানো। অন্নৰস আৰু শোণিতৰ কি সংমিশ্ৰণত
পিতৃ-পুৰুষৰ ৰেতঃস্থিত হ'লোঁ নাজানো। মোৰ পিতৃ কোন, মোৰ সন্তান কোন, অথবা
ময়েই নেকি মোৰ পিতৃ আৰু সন্তান উভয়েই- মই নাজানো৷ মোৰ দ্বাৰা কোনে নিজকে
সংবর্ধন কৰিছে নাইবা যিসকলৰ দ্বাৰা মই সংবর্ধিত হৈছোঁ তেওঁলোক মোৰ অপৰিচিত।
ফুলপাহক
ফুলপাহক জক্মকাই ফুলিবলৈ দিয়া। ৰ'দ আহক, বৰষুণ আহক, বতাহ আহক। মৌ-
ঘৰ পূৰ্ণ হওক, ৰেণুৰে উদ্ভাসিত হওক পখিলা। উৰ্বৰ কৰি তোলক সকলো হৃদয়৷
ফুলপাহক ফুলিবলৈ দিয়া। পাহিবোৰ পূৰঠ হ'বলৈ দিয়া, মৰহি সৰিবলৈ দিয়া, ফুলপাহক
ৰূপান্তৰিত হ'বলৈ দিয়া আকৌ এটা সম্ভাৱনালৈ।
।।সকলো ৰঙৰ সিপাৰে৷৷২৪