সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

কাৰ নাম বসন্ত


কাৰ নাম বসন্ত — ফুলৰ নে পাতৰ নে চৰাইৰ মাতৰ? সদ্য সগৰ্ভা বেগৱতী নদী,
মৃদুস্পর্শ এসুঁতি বতাহ, ঋতুমতী পথাৰৰমণ ইচ্ছুক এজাক বৰষুণ নে সজাল ধৰা শস্য—
কাৰ নাম বসন্ত? - এটি সুগন্ধিৰ, এটি স্পৰ্শৰ, এটি দৃশ্যৰ নে এটি সপোনৰ? নে
তোমাৰ-মোৰ যৌৱন?


প্ৰচণ্ড ধুমুহা


প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ দৃঢ় টোপালবোৰৰ স্পৰ্শ মোৰ বাবে প্ৰেয়সীৰ ব্যাকুল মুহূৰ্তৰ
স্পৰ্শৰ দৰেই উদ্দাম আৰু প্ৰেৰণাময়। ধুমুহা আৰু বৰষুণৰ সন্মিলিত শব্দত পুলকিত
হয় মোৰ ষড়েন্দ্ৰিয়৷ আজি আহিছে হিলদ’ল ভাঙি এজাক ধুমুহা, মূষলধাৰ বৰ্ষা—
সকলো স্নাত; আজি সকলো চঞ্চল৷ সেউজীয়াই চুলি মেলি বাগৰুম্বা নাচে — সকলো
শৃংখল ভাঙি নতুন শৃংখলা গঢ়াৰ অবিৰত উদ্দাম নৃত্য — আইতাই পিৰালিত যতনালে
এখন কাকৈ ফণী, মূৰত লোৱা তেল আৰু চক্‌চক্ এখন দাপোন ‘আউলী-বাউলী হৈ
আহিছে, আই। চুলিকোচা ফণীয়াই যা, লৈ যা এচলু তেল' সেন্দুৰৰ টেমাটো আগবঢ়াই
ক’লে — ‘শাঁত পৰ আই। ক’তো তোৰ অথন্তৰ নাই। লৈ যা সেন্দুৰৰ ফোঁট।”

।।সকলো ৰঙৰ সিপাৰে।।২৩