সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

মোৰ অহংকাৰ

মোৰ অহংকাৰ তোমাৰ বাবেই আছিল। তুমি মোৰ অহংকাৰৰ জন্মদাত্রী। লালন কৰোঁতাও
আছিলা তুমি৷ সকলো আঘাত আৰু নিষ্পেষণৰ পৰা তুমি তাক কি যাদুকৰী শক্তিৰে
ৰক্ষা কৰিলা৷ মোৰ তেজ-মঙহ শুহি শুহি সি উজ্জ্বল ৰক্তবৰ্ণৰ হৈ উঠিছে। মোৰ সমগ্ৰ
অস্তিত্ব এতিয়া তাৰ। মোৰ অহংকাৰৰ পৰা আঘাত পালেও তুমি তোমাৰ স্নেহ মধুৰ
আঁচল আতঁৰাই নিনিবা৷ সি যে তোমাৰেই সন্তান—এতিয়া যৌৱনমত্ত৷

ম‍ই নিজকে

ম‍ই নিজকে বিচাৰি যাওঁতে কোনোবাখিনিত হেৰাই থাকোঁ। মই আই-পিতাইৰ সপোনটো
হৈ পৰোঁ৷ মোৰ মাজৰ পৰা ওলাই আহে মোৰ খেলৰ লগৰীয়া, আত্মীয়-স্বজন, মোৰ
শিক্ষাগুৰু আৰু প্রতিবেশীসকল। ওলাই আহে ঋতুৰ উৎসৱ— আন্তৰিক অথবা যান্ত্ৰিক
প্ৰতিটো সম্পৰ্ক। সময়ৰ ঢাপে ঢাপে এইসকলে আনি দিয়া সপোনবোৰো একাষৰীয়া
কৰি গ'লোঁ মোৰ বিশুদ্ধ সত্ত্বা-সন্ধানৰ এই পৰিক্ৰমাত। শেষত-শেষত মই কোনোবাখিনিত
হেৰাই থাকিলোঁ।

।।সকলো ৰঙৰ সিপাৰে৷৷২২