সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

উলঙ্গ হৈ

উলঙ্গ হৈ সকলো মানুহে নাচেহি মোৰ সন্মুখত। জাপে জাপে কাপোৰ পিন্ধি মানুহবোৰে উৎকটভাৱে উলঙ্গ হ'বলৈ শিকিলে। কিচ্ কিচ্ ক'লা, বীভৎস! কি অভিশাপত মোৰ দৃষ্টিয়ে লাভ কৰিলে এই আপদীয়া শক্তি। অসহ্য নগ্নতা। ধ্বংস কৰোঁ এই নাঙঠ মানুহবোৰক নে নষ্ট কৰোঁ মোৰ দৃষ্টি? কোনটোৱেই বা মোৰ সাধ্যৰ ভিতৰুৱা?

ভৰিৰ তলেদি

ভৰিৰ তলেদি চিপ্‌ চিপ্‌ জুৰি। আকাশ নেদেখি গছৰ পাতৰ চন্দ্ৰাতপ। পাৰ হওঁ অন্ধকাৰ গুহা। হঠাতে জিকাফুলীয়া ৰ'দ— হঠাতে বালিমাহী। হঠাতে শিহঁৰিত শীত। হঠাতে বসন্ত—হেমন্তৰ বৈৰাগ্য। বাট ভেটি চক্‌চক্ শিলনি। বিহগৰ বোধন- অন্তৰ উতলাই অপ্ৰাপ্তি আৰু প্ৰাপ্তিৰ অবাৰিত ভীতি। এটা জুৰিৰ বুকুৰে এটা জল প্রপাতৰ সন্ধানত আমি ভৰি থৈ আগবাঢ়োঁ প্রাগৈতিহাসিক প্রলেপ পৰা শিলৰ ওপৰেদি৷

।।সকলো ৰঙৰ সিপাৰে৷৷২১