এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অযোধ্যাৰ সীমান্তত
আৰু বহু জীৱন অযুত অর্বুদ
সাগৰৰ ঢৌ যেন
গো-বাটেৰে আগুৱায়৷
দিন ৰাতি এটা বাঁহীৰ দৰে
এটি পখীৰ দৰে এটি সুৰ
বাটৰ প্ৰহৰী..
নগৰৰ এফাল এই বাটেদি গাঁৱলৈ সোমায়
গাঁৱৰ এফাল এই বাটেদি নগৰলৈ ওলায়
হিচাপত
গাঁৱৰ ভঁড়ালত একুৰা জুই, এদ’ম এঙাৰ
পেটৰ জুই -
চিতাৰ জুই,নহ’লেবা
ভেঁকুৰে দ’ম বান্ধে পদুম পুখুৰীত৷
এই বাটেৰে জীৱন অযুত অর্বুদ
কৃশ জীৱন৷
ৰজা ৰাম নাহে এই বাটে
আহে অশ্বশালাৰ কোৰ্হাল
আদিকবি বাল্মিকী নাহে
আহে নিৰ্বাচনী প্ৰচাৰৰ বক্তৃতা৷
।।সকলো ৰঙৰ সিপাৰে।।১৪