এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফুল
ৰাতিৰ আকাশত ফুল ফুলিলে কি হয়
পুৱালৈ চৰায়ে গান গায়, ফলবোৰ ৰসাল হয়
ঘৰৰ মূধত এহাল কপৌৱে ৰুণ দিয়ে৷
পুৱা বাগিছাত ফুল ফুলিলে কি হয়
শব্দবোৰৰ ভৰি পিচলে
ৰাতিলৈ বিচনাৰ শিতান তিতে।
ফুল এজনী ছোৱালীৰ নাম হ'লে কি হয়
ফুলনিখনকে তাই লগত লৈ ফুৰে৷
সেই ফুলনিত সোমাব পাৰিনে?
পাৰি, তুমিও এপাহ ফুল হোৱা যদি৷
সেই ফুলনিৰ এপাহ ফুল ছিঙিব পাৰি নে?
ওহোঁ, পাৰিবা জানো ছিঙিব নিজকে?
ফুল এজনী ছোৱালীৰ নাম হ'লে
তাই আঘোণলৈ চায়, আকাশলৈ চায়
আৰু সোণবৰণীয়া ফুলবোৰ চোতালতে থাপে....
।।সকলো ৰঙৰ সিপাৰে।।১৩