সমললৈ যাওক

পৃষ্ঠা:সংস্কৃত নাটকৰ গল্প.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিক্ৰমোৰ্বশী। লগ ধৰিবলৈ ইয়ালৈ আহিলোঁ। আপুনি সচাকৈয়ে মন্ত্ৰানৰ বৰ প্ৰিয় কাৰ্য কৰিলে। এতিয়া উৰ্ব্বশীক লৈ তাঁপুনিও ইন্দ্ৰৰ ওচৰলৈ গ'লে বৰ সুখৰ কথা হ'ব। তাহানি নাৰায়ণ ঋষিয়ে এওঁক ইন্দ্ৰৰ হাতত সমৰ্পণ কৰিছিল; আজি আকৌ দৈত্যৰ হাতৰ পৰা আনি আপুনি নকৈ দান কৰিলে।” পুৰু।— তেনে কথা নক'ব। ম‍ই দানৱক পৰাস্ত কৰিছে৷ কেৱল ইন্দ্ৰৰ প্ৰভাৱৰ বলত; কিয়নে৷ সিংহৰ গৰ্জ্জনৰ প্ৰতিধ্বনিয়েও হাবিক ভয় খুৱায় চিত্ৰ। - ই আপোনাৰ বিনয় মাথোন। বিনয় বিক্ৰমৰ অলঙ্কাৰ। পুৰু।—বন্ধু 1 মহেন্দ্ৰৰ লগত সাক্ষাৎ কৰিবলৈ এতিয়া মোৰ সময়ৰ নাটনি, আপুনিয়েই এওঁক দেৱৰাজৰ ওচৰলৈ লৈ যাওক। চিত্ৰ।—বাৰু তেন্তে, ময়ে নিওঁ। ( অপ্সৰাসকলক ) এতিয়া সকলো ব'লাহঁক। অপ্সৰাসকলক লৈ চিত্ৰৰথ যাবলৈ ওলাল। উৰ্ব্বশীয়ে চিত্ৰলেখাৰ কাণে কাণে ক'লে, “সখি, যদিও এই ৰাজঘিয়ে মোৰ মহৎ উপকাৰ সাধিলে তথাপি বিদায় ল'বলৈ মোৰ মাত নোগায়, তুমিয়েই মোৰ হৈ কোৱা।” চিত্ৰলেখাই উৰ্ব্বশীৰ মনোভাৱ ব্যক্ত কৰি ৰজাক ক’লে,–“মহাৰাজ! উৰ্ব্বশীয়ে আপোনাৰ কীৰ্ত্তি সুৰ-