সমললৈ যাওক

পৃষ্ঠা:সংস্কৃত নাটকৰ গল্প.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিক্রমোর্বশী । ১৩ আছে দেখি তুমি আমোদ পাবা। মোৰ কাম্য দুষ্প্রাপ্য, মই আনন্দ পাম কেনেকৈ ?” বিদূ।—বাৰু এটা কথা সোধোঁ, তোমাক জানো উৰ্ব্বশীয়ে দেখা নাই ? - ৰজা৷— দেখিছিল। তাৰ পৰা কি হ'ল ? বিদূ।—তেনেহলে তেওঁ দুৰ্ল্লভ নহয়। ৰজা ৷—সেইটো হৈছে মোৰ প্রতি তোমাৰ পক্ষপাতিতা ৷ বিদূ।—তোমাৰ কথাত মোৰ কৌতূহল জন্মিছে । স চাকৈয়ে আপচুৰ ভিতৰত মই যেনেকৈ অদ্বিতীয়, সুন্দৰীৰ ভিতৰত উৰ্ব্বশীও তেনেকৈ অদ্বিতীয়া নে ? ৰজা৷—তেওঁৰ ৰূপ বর্ণন। অসম্ভব। তথাপি চমুকৈ ইয়াকে কওঁ,–তেওঁ ৰ বপু অলঙ্কাৰৰো অলঙ্কাৰ, প্ৰসাধনৰো প্রসাধন, সকলো উপমানৰ প্ৰত্যুপমান । বিদূ।—সেইহে তুমি দিব্য ৰস পিবলৈ বিচৰা চাতকৰ ব্ৰতত ধৰিছা ৰজা।—মোক নিৰ্জ্জনতা লাগে । ব'লা প্রমদ বনলৈ যাওঁ ৷ তেতিয়া হয়ে৷ সেই ঠাই এৰি প্ৰমদ বনলৈ গ'ল । প্ৰমদ বনত বসন্তৰ শ্ৰী শৈশৱ আৰু যৌৱনৰ মাজ ভাগত। কুৰুবক ফুলৰ কাষকেইটা সেউজীয়া আৰু আগটো তিৰুতাৰ নখৰ দৰে ৰঙচুৱা হৈ উঠিছে। ৰঙা অশোকৰ