বিক্ৰমোৰ্বশী। সকলৰ ৰাজ-প্ৰশস্তিয়ে বাস ভা ভঙ্গ হোৱাৰ জাননী দিলে। বিদূষক আগবাঢ়ি গৈ ৰজাক আগ বঢ়াই আনিলে। - ৰজাই ক'লে, – যেতিয়াই সেই সুৰ-সুন্দৰীক দেখা পালে। তেতিয়াই মকৰকে তুৱে তেওঁৰ শৰৰ দ্বাৰা মোৰ হিয়াত বাট উলিয়াই তেওঁক সোমাবলৈ দিলে।” বিদুষকে ভাবিলে, — কাশী ৰাজকন্যাই তো কম বেজাৰ পোৱা নাই! ৰজা।—বয়স্য, ৰহস্য ৰক্ষা কৰিছা নহয়? এতিয়াহে বিদূষকে বুজিলে কেনেকৈ তেওঁক নিপু- নিকাই ঠগিলে। ৰজাক কি ক'ব কি নক'ব একোকে ঠিক কৰিব নোৱাৰি ভেবা লাগি চাই থাকিল! ৰজা।—নামাতা কিয়? - নিজক চণ্ডালি লৈ বিদুষকে ক'লে, – “মই মোৰ জিভাখন এনেকৈ অলৰ কৰি ৰাখিছিলো যে এতিয়াও সতকাই কথা নোলোৱা হৈয়ে আছে।” পাম? ৰজা।—ভাল কথা। পিচে মই এতিয়া ক'ত শান্তি বিদূ।- ব'লা, ৰান্ধনী ঘৰলৈ যাওঁ, I ৰজা। —কিয়? বিদু।– ভাত নানাবিধ খোৱা বস্তু ৰান্ধিছে, সেই- বোৰ চাই থাকিলে নিশ্চয় মনৰ অশান্তি আঁতৰি যাব। ৰজাই হাঁহি ক'লৈ,—“তাত তোমাৰ কাম্য বস্তু
পৃষ্ঠা:সংস্কৃত নাটকৰ গল্প.pdf/১৪
অৱয়ব