পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫ )


ঘোষা।৷

ত্ৰাহি ৰাম,কৰা কৃপা কমল লোচন॥

পদ।

পাচে ৰথে চৰি দশৰথ।
ধৰিলা দক্ষিণ দিশ পথ॥
ঘোৰ বনে ভৈল পয়োসাৰ।
নাহি যাত লোকৰ সঞ্চাৰ॥১৯
সেহি বনে এক বৃক্ষ আছে।
তাৰ তলে ৰহিলন্ত পাছে॥
সেহি বৃক্ষে দুই পক্ষী ৰহে।
অন্যো অন্যো দুয়ো কথা কহে॥২০
ইটো বনে নিমিলে আহাৰ।
গুচি আসা যাও দেশান্তৰ॥
ইদেশৰ দশৰথ ৰাজা।
নাই অন্ন দুঃখী ভৈল প্ৰজা॥২১
নাৰী সঙ্গে থাকে মুঢ়মতি।
আসা গুচি যাওঁ আন ভিতি॥
এহি বুলি তলে নিৰেখিল।
নৃপতিক আগতে দেখিল॥২২


পয়োসাৰ-প্ৰবেশ।