পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)


সৰ্ব্ব সুখে ৰহে ৰাজা নাৰীৰ সঙ্গত।
ৰতি সুখে দশৰথ ভৈলা উনমত॥১৩
নাহিকে প্ৰজাৰ সুখ-দুখ বিচাৰণ।
অনাবৃষ্টি দুৰ্ভিক্ষে পীড়িত প্ৰজাগণ॥
হেন দেখি দেৱঋষি চিন্তি প্ৰজা হিত।
ৰাজাৰ স্থানক গৈলা তড়িত গতিত॥১৪
দেখি ৰাজা অৱনতে হুয়া মৃদু ভাৱে।
পাদ্যে অৰ্ঘে পূজিলা ঋষিৰ দুই পাৱে॥
ৰাজাক সম্বুধি মুনি বুলিলা বচন।
সূৰ্য্য বংশী ৰাজা তুমি ৰঘূৰ নন্দন॥১৫
প্ৰজাহিত নিচিন্তি গৃহত সৰ্ব্বদায়।
ৰতি ৰঙ্গ কৰি থাকা যেন মুঢ় প্ৰায়॥
পঞ্চম বংসৰ নাই ৰাজ্যে বৰিষণ।
ক্ষুধায় পীড়িত প্ৰজা কৰয় ক্ৰন্দন॥১৬
যিহেতু শনিৰ দৃষ্টি ভৈল ৰোহিণীত।
এতেকে দুখিত প্ৰজা চিন্তিয়োক হিত॥
এহি বুলি নাৰদ গৈলন্ত স্বৰ্গ পথ।
হেন শুনি চিন্তাৱিষ্ট ভৈলা দশৰথ॥১৭
কহে কৃষ্ণ চৰণে অনন্ত মুঢ়মতি।
বোলা ৰাম ৰাম সবে হোক সদগতি॥১৮

————


একে ৰথে-এক সিংহাসনে, এজন ৰজাই।