সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮১ )


ৰাজাৰ আজ্ঞাই পিন্ধিলা পাছে।
যতেক মহাদই চাই আছে॥
কৌশল্যা নিজ পুত্ৰ গলে বান্ধি।
হাকলে বিকলে[] আছিল কান্দি॥৩৩৩
সীতাক ৰাখিবে বুদ্ধি শিখালা।
শ্ৰীৰামে মাতৃক নিৰ্ভয় দিলা;
লক্ষ্মণকো ধৰি সুমিত্ৰা সতী।
গলে বান্ধি শিক্ষা দিলন্ত আতি॥৩৩৪
তিনিয়ো পিতৃ মাতৃ নমিলন্ত।
তেখণে গৈয়া ৰথে উঠিলন্ত॥
সুমন্ত্ৰ মন্ত্ৰী ঘোৰা ডকাইলা।
লগতে অযোধ্যা বাসী চলিলা॥৩৩৫
সিংহদ্বাৰ এৰি পাইলন্ত পথ।
পাচত চলি যান্ত দশৰথ॥
পুত্ৰশোক আৰ্ত্তৰাৱ কৰন্ত।
সুমন্ত্ৰক ৰথ ৰথ বোলন্ত॥৩৩৬
তিলেক থাকোঁ ৰাম মুখ চাই।
কিয় শীঘ্ৰে ৰথ নিয় ডকাই॥
শ্ৰীৰামে বোল ৰধ ডাকাও।
পিতৃৰ পাশ শীঘ্ৰে এৰাওঁ॥৩৩৭


  1. হাকলে-বিকলে—হিয়া ঢাকুৰি।