পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

()


নাৰায়ণপুৰে অজ নাভ গৃহে
 জন্মিব কৈলো প্ৰকাশি॥
পৰম পবিত্ৰ  দ্বিজ অজনাভ
 তান ভাৰ্য্যা পাৰিজাতী।
তান গৰ্ভে হৰি  অবতাৰ ধৰি
 লোক নিস্তাৰিব সতী॥
পৰম কৃপালু  ভকত বৎসল
 হৰিদেব নামে খ্যাত।
 ভক্ত বাৰজন  তাহান হৈবেক
 জানিবা কলি যুগত॥
নষ্ট ধম্ম দেখি  অবতৰি আসি
 স্বধৰ্ম্ম ৰক্ষা কৰিব।
নানা স্থানে হৰি  ধৰ্ম্ম স্থাপ্য কৰি
 লোক সব নিস্তাৰিব॥
কলিযুগে হৰি  সম্ভৰূপ ধৰি
 ভূমি ভাৰ হৰিৱন্ত।
নিগ্ৰহানুগ্ৰহ  দাতা শুচি শান্ত
 হৈব জানা স্বৰূপত॥
শুনিয়ো লোকাই  কলিযুগে নাই
 অন্য ধৰ্ম্মে অধিকাৰ।
কেবলে হৰিৰ  নামেহে জানিবা
 সংসাৰত পাৰাপাৰ॥
কলিত জনম  লভিয়া হৰিৰ
 নামত নকৰে ৰতি।