পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৮)


দুলড়ি।

পাৰ্ব্বতীৰ বাণী  শুনি শূলপাণি
 ভবিস্য কহিবে লৈলা।
চতুৰ্থ উত্তম শ্ৰেষ্ঠ  তমঃ মস্বান্তৰে
 সহোদৰ জাত ভৈলা॥
হৰি জন্মধৰে  হরি মেধসৰে
 হৰিণী দ্বিজ ভাৰ্যাত।
যত দেবগণে  আনন্দিত মনে
 কৰিলা স্তুতি বহুত॥
অতি আনন্দিত মনে  ক্ৰোড়ে ৰাখি দেবগণে
 পূৰ্ব্বে সেই দ্বিজ সুতে।
হৰি হেন নাম  খ্যাত অনুপাম
 হৰি বুলি সদা মাতে॥
গ্ৰাহ হস্য়ে তেন্তে  গজিন্দ্ৰক মুক্ত
 করি নিলা বৈকুণ্ঠক।
সেহি হৰি অংশে  শ্ৰেষ্ঠ দ্বিজ বংশে
 ভূতলে জন্ম ধৰিলেক॥
বৈকুণ্ঠৰ পৰা  মায়ায় মোহিয়া
 দেব দেব জনাৰ্দ্দন।
চতুৰ্দ্দশ শত  পোন্ধৰ শকত
 আসি ভৈলা অবতীৰ্ণ॥
ভাদ্ৰ মাসে শুক্লা  পঞ্চমী তিথিত
 মধ্যাহ্ন সময়ে আসি।