(১৫)
সাধুসঙ্গলাতে তেওঁলোকৰ ব্যগ্ৰতা জস্মিল আৰু তেতিয়াই শ্ৰীশঙ্কৰদেৱে হৰিদেৱৰ সৈতে নদীয়ালৈ গৈ চৈতন্য তথ্য জনাৰ অভিপ্ৰায় জনালে-
শঙ্কৰে বোলন্ত শুনা হৰিদেৱ
মনে এৰা আন অসন্তোষ।
নদীয়াত আছে চৈতন্য় গোঁসাই
লওঁ বলা তান্তে উপদেশ॥
হৰিদেৱ আৰু শঙ্কদেৱ চৈতন্যৰ দ্বাৰত উপস্থিত হলত ব্ৰহ্ম হৰিদাসে প্ৰভুৰ “শূদ্ৰ এৰি ব্ৰাহ্মণক আনিও মতাই” এই আদেশ মতে হৰিদেৱক চৈতন্য়ৰ ওচৰত লই যায়। শঙ্কৰদেৱ শূদ্ৰ বুলি দ্বাৰত থাকিল। এই প্ৰসঙ্গতে এটি বাদোন্মুখী কথা ওলায়হি। যি চৈতন্যই হৰিদেৱ শঙ্কৰদেৱক দেখা পাই কৈছে-
শুনা হৰিদেৱ তুমি ব্ৰহ্মঅংশে জাত।
পূৰ্ব্বে নাৰায়ণে নাম কহিছে তোমাত॥
চাৰিগুটিক নামক যে পূৰ্ব্বে আছা পাই।
তথাপি আসিলা যে তোৰা আমাৰ ঠাই॥”
“আৰু মই কহু শুনা স্বৰূপ বচন।
ভকতিৰ অধিকাৰী হৈবে তিনিজন॥
হৰিগুৰু, দামোদৰ, শঙ্কৰ তিনি জন।
ব্ৰক্ষ্ম অংশে আসিয়া ভৈলেক উতপন॥”
যি চৈতন্য়ই মুছলমান নেৰা হৰিদাসক পৰ্য্য়ন্ত আলিঙ্গন কৰি প্ৰেমত মতলীয়া হৈছিল, সেই চৈতন্য়ই শ্ৰাশঙ্কৰদেৱক,
উপদেশ লওঁ বলা মানে নাম মন্ত্ৰ শৰণ ভোজন লোৱা নহয়,সাধুৰ লগত কথাবতৰা পতা।