পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৩৩)

গঙ্গা গয়া যমুনা প্ৰয়াগ কাশী।
ইসব উদ্ধাৰ হয় সন্ত পৰশি॥
দ্বিজ হৰিদেৱ সন্তৰ পদে আশে।
নকৰা নৈৰাশ প্ৰভু কৰি লৈয়ো দাসে॥


দ্বিপ্ৰহৰৰ প্ৰসঙ্গ। ( শ্ৰীমদ্ভাগৱত পাঠ )

ঘোষা-

ৰাম ৰাম জয় পৰমানন্দ।
পিবো তবু চৰণ কমল মকৰন্দ।
সেবোহে তোমাৰ দুই পদ অৰবিন্দ।
ভজোহোঁ তোমাৰ দুই চৰণাৰবিন্দ॥

ঘোষা-

জয় হৰি ৰাম জয় শ্ৰীৰাম।
পৰম মঙ্গল মাধবৰ গুণ নাম॥
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাস।
মধু মোৰ মথন মুৰাৰি হৰি ৰাম॥

ঘোষা-

নামতে শৰণ গুৰুতে শৰণ।
সন্তত শৰণ লৈলোঁ জন্ম নিবাৰণ॥
নাম ধৰা এ ভকতৰ কাছে।
আগে গুৰুক দণ্ডবৎ নাম ধৰা পাছে॥