পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৯৭)

জল আনি দিলা  আনন্দে ভুঞ্জিলা
 তৃষ্ণা ভৈলা নিবাৰণ।
তেতিক্ষণে পাছে  বুলিলা শঙ্কৰে
 শুনহ মোৰ বচন॥
সবে লগ লাগি  আহা যাওঁ আজি
 হৰি গুৰুৰ সত্ৰক।
আৰু দেখোঁ গৈয়া  কোন পন্থ দিয়া
 আসে আমাৰ স্থানক॥
পঙ্কে পৰিপূৰ্ণ  দেখিয়া বাটক
 মাধব মনে অসুখ।
আহা বান্ধো আলি  নকৰিবা হেলা
 গুৰু পাৱে বৰ দুঃখ॥
হেন শুনি সবে  আলিক বান্ধিলে
 পণ্ডু কৰিলন্ত ভালে।
শঙ্কৰে দেখিয়া  আনন্দে বুলিলা
 ভজন কৰা সকলে॥
শুনি আজ্ঞা বাণী  গৃহে পশি সৰে
 দেখিলা অকৰ্ম্ম বৰ।
এক গুটী ভিৰা  শুক্ল পুষ্প সমে
 দেখিলন্ত তাত পৰ॥
ইতো কিবা বুলি  পুছিলা মাধৱ
 মাৱে কহা শীঘ্ন কবি।
লক্ষ্মী কেনে পূজা  কৰোহোঁ আপুনি
 মাথ জানা নিষ্ট কৰি॥
সকল ভকতে  শুনি হেন কথা।
 আসিলা পাছে ওলায়।

১৩