এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তেওঁ মোক একাষৰীয়াকৈ মাতি নি মাথোন এই চাৰি- ফাকি গীত গাই শুনাইছিল :-
“কোনে সিচি দিলে জোনৰে জেউতি
কোনে বাছি দিলে তৰা।
কোনে মেলি দিলে লাহতী মলয়া
কলিজা উৰুঙা কৰা।
“কোনে সাজি দিলে
মহুৰা চেৰেকী
কোনে চাচি দিলে মাকো।
গাভৰুৰ মনেৰে
ডেকাৰ মন সাঙুৰি
কোনে ৰচি দিগে সাঁকো॥
“পিছলৈ নেচাপে
পিছুৱাই নগলে
পিছকথাত নিদিলে কাণ।
উজনি নামনি
ৰজন্জন কৰিছে,
পিৰিতিৰ ৰাখিপ্নে মান।
[ ১৮ ]