পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
শ্রীশ্রীচণ্ডী।



পদ।

 মেধস বদতি কথা শুনিয়ো নৃপতি।
সিবেলা দেবৰ বৈৰী বিনাশিবে প্ৰতি॥
দেবতা বৰ্গক দিতে নিজ অধিকাৰ।
ব্ৰাহ্মী আদি সাত মাতৃ ভৈলা অবতাৰ॥
মাতৃৰূপ ধৰি দেব বৰ্গৰ শকতি।
দেবতাৰ দেহা হন্তে ভৈলা উতপতি॥১২-১৩
যি গোটা দেবীৰ মুৰ্ত্তি হোৱে যেন ঠান[১]
যেন মত অস্ত্ৰ শস্ত্ৰ তেন মত যান॥
উপজিলা মাতৃগণ সেহিৰূপ বেশে॥
শুনা কহো তাসন্থাৰ চৰিএ অশেষে॥১৪
ব্ৰহ্মাৰ শকতি যিটো তেহন্তে “ব্ৰাহ্মণী”।
হংস যুক্ত বিমানত চৰিয়া গোসাঁনী॥
জপ মালা কমণ্ডলু ধৰি আছে হাতে।
যেন নিজ ৰূপে ব্ৰহ্মা আসিলা সাক্ষাতে॥১৫
শিবৰ শকতি তেন্তে “মাহেশ্বৰী” নাম।
শিৰে অৰ্দ্ধ-চন্দ্ৰ হাতে শূল অনুপাম॥
হস্তত বলয়া পিন্ধি আছে মহানাগ।
বৃষত চৰিয়া লৈলা অম্বিকাৰ লাগ॥১৬
কাৰ্ত্তিক-শকতি দেবী নামত “কৌমাৰী”।
সঙ্গত কুক্কুট পক্ষী [২] শক্তি অস্ত্ৰ ধৰি॥


  1. ঠান—ঠগ, ৰূপ। হিঃ ঠাম, গঢ়।
  2. এইটো মুলৰ বাহিৰা। কাৰ্ত্তিকৰ লগত কুকুৰা চৰাই থকা
    প্ৰসিদ্ধ বৰ জনাজাত নহয়।