পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
শ্ৰীশ্ৰীচণ্ডী।


হুঙ্কাৰ শব্দক তুলি খড়্গ গুৰুতৰ।
ধায়া গৈয়া ধৰিলন্ত চুলিত চণ্ডৰ॥
ছেদিলন্ত সেহি খড়্গে তাৰ শীৰ গোট। ২০
দেখি মুণ্ডে ধায়া গৈলা কৰিয়া আস্ফোট॥
মুণ্ডে খেদি আসে দেখি ক্ৰোধ বিপৰীত।
খড়্গে ছেদি তাকো দেবী ফেলাইলা ভূমিত॥ ২১
চণ্ড মুণ্ড হত দেখি মহা ভয় পাই।
অবশেষে দৈত্য সেনা গৈলেক পলাই॥ ২১
পাছে সিটো দুই দানবৰ কালীকাই।
দুই শীৰ লৈয়া গৈলা গোঁসানীৰ ঠাই॥
তৈতে গিয়া কৰিলা দাৰুণ অট্টহাস।
হাসন্তে হাসন্তে বুলিলন্ত চাপি পাশ॥ ২৩
সমৰ যজ্ঞত আজি তযু বলি কৰি।
দিলো চণ্ড মুণ্ড দুই পশুক ঈশ্বৰী॥
শুম্ভ নিশুম্ভক নিজ অস্ত্ৰৰ সন্ধানে।
যুদ্ধত অপুনি তুমি বধিব পৰাণে॥ ২৪
 মেধস বদতি কথা শুনিয়ো নৃপতি।
কালীকাৰ সিটো জন্ম দেখিয়া পাৰ্ব্বতী॥
সুললিত কৰি তাঙ্ক বুলিলা ভবানী। ২৫-২৬
যাতে চণ্ড মুণ্ড দুইকো আসি আছা আনি॥
সিকাৰণে আজি ধৰি সমস্তে লোকত॥
তোমাৰ “চামুণ্ডা” নাম হৈবেক বেকত॥