পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
শ্ৰীশ্ৰীচণ্ডী।


এহি মতে কালিকায়ো সমৰত কোপে।
চাৰি চাৰি দৈত্য বধিলন্ত একে কোবে॥
দৈত্যগণে অস্ত্ৰ শস্ত্ৰ হানিলা অনেক।
খঙ্গে তাঙ্ক বেন্তবাইয়া [১]কালীয়ে খাইলেক।
কতো অস্ত্ৰ চোবায়া কৰিলা মসিমুৰ।
খড়্গ হানি চেদিলন্ত কতোহো অসুৰ॥
কাকো তাড়িলন্ত কাকো পিষি মাৰিলন্ত।
কাকো চোবাইলন্ত কাকো গোটে গিলিলন্ত॥
কাহাকো বধিলা হানি খট্বাঙ্গাৰ বাৰি।
দশন অস্ত্ৰৰ ঘায়ে কাকো থৈলা মাৰি॥ ১৩-১৫
এহি মতে বহু দৈত্য সেনা নষ্ট ভৈলা।
দেখি চণ্ড মুণ্ড দুই বীৰ ধাই গৈলা॥ ১৬
ঘোৰ শৰ বৃষ্টি কৰি সিটো দুই বীৰ।
নিঃসন্ধি কৰি থৈলা চৌপাশে দেবীৰ।
হাজাৰে হাজাৰে চক্ৰ হানিলা অনেক। ১৭
কালীৰ মুখত সিটো সবে পশিলেক॥
মেঘত পশিলা যেন সূৰ্য্য বহুতৰ।
চক্ৰ সকলৰ ভৈলা সেহি পটন্তৰ॥ ১৮
কৰাল মুখৰ মাজে জলে দন্ত সাৰি।
দেখন্তে লাগয় ভয় চাহিতে নাপাৰি॥
মহাকোপে সেহি দন্ত কৰিয়া প্ৰকাশ।
কালীকা দেবিয়ে কৰিলন্ত ঘোৰ হাস॥ ১৯


  1. বেন্তবাইয়া-মুখ মেলি। মুখ মেলিলে কোৱাৰি আৰু ওঠৰ
    মাজত যি ঘূৰণীয়া গহ্বব হয়, সেয়ে বেন্ত। কীৰ্ত্তন—“বাইলে বেন্ত
    সম্যকে গহ্বৰ।”