পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
শ্ৰীশ্ৰীচণ্ডী।


অতিশয় বহল বদন ভয়ঙ্কৰ।
লহ লহ কৰে জিহ্বা দেখি লাগে দৰ॥
ধৰিছে খট্বাঙ্গ [১] পাশ খঙ্গ এক খান।
সুখান শৰীৰ ব্যাঘ চৰ্ম্ম পৰিধান॥
আৰকত দুই আখি কোটৰত জ্বলে।
মনুষ্য মুণ্ডৰ মালা পৰি আছে গলে॥
আতাসে দিশক পূৰি বেগে খেদি যাই। ৭-৮
বধিলা অনেক দৈত্য খাইলা কাকো পাই॥ ৯
আগৰ মাহুতে গজ অঙ্কুশক ধৰে।
পাছৰ মাহুতে তান পিঠি ৰক্ষা কৰে॥
দুহন্তৰ মাজে বসি যুঝে দৈত্য বীৰ।
দুই ঘণ্টা শোভে তাহে হস্তীৰ শৰীৰ॥
ইসবে সহিতে হস্তী যত লাগ পাইলা।
এক হস্তে তুলি ধৰি মুখত পৌসাইলা [২]॥১০
মানুষে সহিতে ঘোড়া এক হস্তে তুলি।
মুখে দিয়া তেতিক্ষণ চোবাইল সমুলী॥
সাৰথি সহিতে ঘোড়া এক হস্তে আনি।
মুখত ভৰাইয়া দান্তে চোবাইলন্ত টানি॥ ১১
এগোটা দৈত্যেৰ কালী ধৰিল চুলত।
আউৰ গোট কন্ধ দ্বাৰা ধৰিলা ত্বৰিত॥
পায়ে ধৰি এগোটাক নিলা যমপুৰ।
হিয়ে জাণ্ঠী আৰ গোট কৰিলন্ত চুৰ॥ ১২


  1. খট্বাঙ্গ-মুঠিটোত মানুহৰ মুৰৰ খোলা থকা যাঠি-শিৱৰ
    অন্ত। কোনো কোনো যোগীয়ে লৈ ফুৰে।
  2. পশাইলা আৰু পৌছাইলা দুয়োৰো মাজতে।