পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম মাহাত্ম্য।

 ঋষি নিগদতি কথা শুনা মহাৰাজ।
আজ্ঞা পায়া চণ্ডমুণ্ড ভৈলা সব সাজ॥
চতুৰঙ্গ সেনাগণ লগে লৈয়া বাচি।
অস্ত্ৰ ধৰি চলি গৈলা যুদ্ধ কাচে কাচি॥ ১-২
হিমালয় পৰ্ব্বতৰ সুবৰ্ণৰ শৃঙ্গ।
পৰম বহুল সিটো দেখিতে বিৰঙ্গ [১]
তথাতে সিংহত চৰি দিশক প্ৰকাশি।
বসি আছে ভগবতী মুখে মন্দ হাসি॥
দেখিলা দেবীক গৈয়া সিটো দৈত্যগণে।
লভিলা উৎসাহ তাক ধৰিবাক মনে॥
ধনুক আজুৰি খড়গ ধৰি গৈলা ধাই।
কতো কতো দৈত্যে কোল চাপিলেক গই॥ ৩-৪
পাছে নিজ বৈৰী দৈত্যসমস্তক প্ৰতি।
অতিশয় কোপ কৰিলেক ভগবতী॥
কোপে তান চক্ষু ভৈলা ওঢ়-পুষ্প [২] সম। ৫
ভ্ৰকুটি কুটিল ভৈলা ললাট বিষম॥
হেন ললাটত হন্তে ঘোৰ মূৰ্ত্তি ধৰি।
তেতিক্ষণে বাজ ভৈলা কালিকা ঈশ্বৰী॥ ৬


  1. বিৰিঙ্গ-সং, বিডিঙ্গ, নিপুণ; তাৰ পৰা উৎকৃষ্ট, চমকলগা
    কীৰ্ত্তন—“দেখি জাম্ববন্ত বীৰ বিৰিঙ্গ।”
  2. ওঢ়-পুষ্প- সং ওড্ৰ, ৰঙ্গা জবা।