পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীচণ্ডী।
৬৩

হেৰা চণ্ড মুণ্ড তোৰা দুই মহাবল।
তোৰাৰ লগত যাউক দানব সকল॥
যৈতে দেবী আছে তৈকে যাও শীঘ্ৰ কৰি।
বান্ধিয়া আনিয়ো পাৰ্ব্বতীক চুলে ধৰি॥
যুদ্ধত সংশয় যদি দেখ আপনাৰ।
তেবে সবে মিলি তান চিন্তিবাহা মাৰ॥ ২২-২৩
দেবী যুদ্ধে হাৰে যেবে সিংহ হোৱে নাশ।
তেবেতো দেবীক বান্ধি লৈয়া শীঘ্ৰ আস॥ ২৪