পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৹

 “পৰমাত্মাৰ উত্তমাঙ্গৰ তুল্য এই আকাশ মই প্ৰসব কৰিলোঁ, পৰমাত্মা স্বৰূপ মোৰ মূল তত্ত্বব পৰা আকাশাদি সকলো ভূতকে নিৰ্মাণ কৰিলোঁ। মই চৈতন্যৰূপে এই বিশ্বব্ৰহ্মাণ্ড ব্যাপি আছোঁ। আৰু প্ৰকৃতি স্বৰূপেও সকলো পদাৰ্থতে অনুপ্ৰবিষ্ট থাকোঁ।”

অহং সুবে পিতৰমস্য মূৰ্ধ
মম যোনিৰপ্ সন্তঃ সমুদ্ৰে।
ততো বিতিষ্ঠে ভুবনানুবিশ্বো
তামূন্দ্যাং বৰ্ষ্মনোপশৃশামি॥
 (ঋগ্বেদ ১০ম মণ্ডল)

 চণ্ডীৰ লক্ষ্যও পৰম তত্ত্ব লাভ। এই গ্ৰন্থত চণ্ডী বা দুৰ্গা দেবীৰ লীলা আৰু মহিমা বৰ্ণোৱা আছে। চণ্ডী গ্ৰন্থৰ চণ্ডী দেবী সৰ্বশক্তিমতী, সৃষ্টি স্থিতি সংহাৰকৰ্ত্ৰী, তেওঁ ব্ৰহ্মা, বিষ্ণু, শিব প্ৰভৃতিৰ জনয়িত্ৰী।

 ব্ৰহ্মাৰ উক্তি :—“হে চণ্ডী দেবি! তুমি বিষ্ণু, শিৱ আৰু মোক সৃজন কৰিছা, এতেকে কোন শক্তিৰে মই তোমাক স্তুতি কৰিম? মই উপযুক্ত স্তুতি কৰিবলৈ অসমৰ্থ।”

বিষ্ণুঃ শৰীৰগ্ৰহণমহমীশান এবচ
কাৰিতাস্তে যতোহতত্ত্বাং কঃ স্তোতুং
 শক্তিমান্ ভবেৎ॥