পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
শ্ৰীশ্ৰীচণ্ডী ৷

হেন মনোহৰ ৰূপ অতি অনিন্দিত।
দেখা নাই আমি কোনো মানে কদাচিৎ॥
থাকোক আমাৰ কথা বোলোঁ সত্য কৰি।
কেহোঁ জনে দেখা নাই এমত সুন্দৰী॥
এতেকেসে বোলোঁ আমি শুনা দৈত্যৰায়।
কোন সিটো নাৰী গোটা জানিতে যুৱাই॥
নাৰী সমস্তৰ মাজে ৰত্ন সিটো নাৰী৷ ৯১-৯২
সমস্ত ৰত্নৰ হোৱা তুমি অধিকাৰী॥
এহিহেতু তাঙ্ক তুমি বিহায়োক আনি।
তুমি বিনে তান যোগ্য আছে কোন প্ৰাণী॥
জাতিতে উত্তম ভৈলে তাকে ৰত্ন বুলি৷ ৯৩
বৃক্ষ ৰত্ন পাৰিজাত আনিলাহা তুলি॥
উচ্চৈঃস্ৰবা ঘোড়া আৰু ঐৰাবত নাগ।
ইন্দ্ৰ হন্তে কাঢ়ি আমি লৈলা মহাভাগ॥৯৪
হংসযুক্ত বিমানক ছাড়ি দিলা বিধি।
কুবেৰৰ কাঢ়ি লৈলা মহা পদ্মনিধি॥
অম্লান পঙ্কজ-মালা দিলন্ত সাগৰে॥৯৫-৯৬
ৰনৰ মহিষ আনি লৈলা অনন্তৰে॥
সুৱৰ্ণক সদা স্ৰবে চক্ৰে বৰুণৰ।
হেনয় চক্ৰক আনি আছা নিজ ঘৰ॥
প্ৰজাপতি হন্তে দিব্য ৰথ লৈলা কাঢ়ি৷ ৯৭
অগনিয়ো দিব্য অস্ত্ৰ দিলা আগ বাঢ়ি॥
মৃত্যুয়ে দেহাত হন্তে জীৱ বাহিৰায়।
তাৰ তুমি শক্তি সেহি লৈলা সমুদায়॥