পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
শ্ৰীশ্ৰীচণ্ডী।


শুম্ভ নিশুম্ভৰ ভৃত্য সিটো দৈত্য দুই।
শুম্ভত জনাইবা গৈলা অবনত হুই॥
চণ্ড-মুণ্ডে বোলে শুনিয়োক দৈত্যপতি।
দেখিলোঁহো আজি এক সুন্দৰী যুৱতী॥৯০
(পূৰ্ণিমাৰ চন্দ্ৰ জিনি মুখে ধৰে কান্তি।
তাতে প্ৰকাশয় দন্ত-মুকুতাৰ পান্তি॥
উন্ন্‌ত কঠিন পীন শোভে দুই স্তন।
কামৰ চাবুক-বাৰি কামুকৰ ধন॥
তাৰ ভৰে হালে যেন খিন মধ্য কায়।
বহল নিতম্বদেশে অধিকে শুৱাই॥
কটাক্ষ-ভঙ্গিয়ে চাওঁতে লৰয় কুণ্ডল।
তাৰ কান্তি লাগি শোভা কৰে গণ্ডস্থল॥
ভ্ৰব-যুগ শোভা যেন মদনৰ ধনু।
তপ্ত সুবৰ্ণৰ বৰ্ণ প্ৰকাশয় তনু
মুখে মন্দ মন্দ হাসি আয়ত লোচন।
গুণে বন্দী কৰিবাক পাৰয়ে পবন (?)॥
তান যেহি অঙ্গে দৃষ্টি পৰে একবাৰ।
তাক ছাড়ি আৰ অঙ্গে নপাৰে চাবাৰ॥
দেহৰ শোভায়ে শোভি আছে দিশ পাশ।
হিমৱস্ত পৰ্ব্বতকো কৰিছে প্ৰকাশ॥
আছোক পুৰুষ যদি হোৱে নাৰীজন।
তাহাঙ্কো দেখিলে তাসম্বাৰ ছলে মন।)[১]


  1. বন্ধনীৰ ভিতৰত থকা পদখিনি কবিৰ নিজৰ।
    ইয়াৰ পৰা ভালকৈ বুজা যায় যে গ্ৰন্থকাৰ কবিত্বত সুপটু আছিল।