পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
শ্ৰীশ্ৰীচণ্ডী৷

আমাৰ বৃত্তান্ত কথা কৈলোঁ তযু আগে।
তোমাসাৰ নাম কিবা কহিবাক লাগে॥
কত বল বীৰ্য্য কিবা তোমাসাৰ নাম।
কাহাৰ তনয় তোৰা কৈতে নিজ ধাম॥
শুম্ভ নিগদতি কথা শুনিয়ো আতাই।
কাশ্যপে আমাৰ পিতা দনু হওয়ে আই॥
মই শুম্ভ ইটো মোৰ নিশুম্ভ কনিষ্ঠ।
সকলো লোকত কৰি আমিসে বলিষ্ঠ॥
সবে দেৱ যুঝে বৱে হুয়া এক ঠাই।
তথাপি সবাকো জিনো একে একে ভাই।
ইকথা থাকোক পোছোঁ কথা কোয়ো এক।
মহাবলী মহিষক কোনে বধিলেক॥
কহিয়োক তাৰ আনি সাধোঁ প্ৰতিকাৰ।
ৰক্তবীজ বোলে ইটো অকাৰ্য্য দুৰ্গাৰ॥
এহিমতে তিনি সেৱে সম্ভাষন্তে আছে।
সিথায়তে চণ্ড মুণ্ড পশিলেক পাছে॥
নৰ্ম্মদা-জলত হন্তে উঠি দুয়ো জন।
ৰক্তবীজ দানবক বুলিলা বচন॥
আৰো দুই কোন বীৰ কহিয়ো সকল।
ৰক্তবীজে বোলে তোৰা পাইলি আসি ভাল॥
আঙ্কে শুম্ভ বোলে তান নিশুম্ভ অনুজ।
দনুৰ তনয় দুয়ো শৰীৰ নিৰুজ॥
আৰা দুই বাহু বলে জিনি দেৱ-বৰ্গ।
আপুনি বাসব ভৈলা কাঢ়ি লৈলা স্বৰ্গ॥