পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
শ্ৰীশ্ৰীচণ্ডী৷

মহিষে ৰম্ভাক শৃঙ্গে হিয়াত তাৰিলা।
ভূমিত পৰিয়া ৰম্ভে প্ৰাণক চাড়িলা॥
পতি মৰিবাৰ দেখি ভয়* হুয়া মনে।
যক্ষত মহিষী গৈয়া পশিলা শৰণে॥
নিবাৰিলা মহিষক যক্ষ মহাবলী।
তৈৰ নিবৰ্ত্তিয়া মহিষীয়ো গৈলা চলি॥
ঘোৰ মদনৰ পীড়া দহে সৰ্ব্বকায়া।
দিব্য সৰোবৰে সিটো জাপ দিলে যায়া॥
প্ৰাণ ছাড়ি মহিষেয়ো তীৰ্থৰ প্ৰভাৱে।
জনম লভিলা সিটো দৈত্য এই ভাৱে॥
ভৈলেক নমৰ নামে দৈত্য সেহি ঠাৱ।
ৰক্তবীজ বুলি তাক জগতে জানয়॥
তৈতে থাকি বীৰবৰ অনেক কৰয়।
দেখিয়া সকলে তাক ভয়তে কম্পয়॥
পাছে সে মহিষাসুৰে দেবাসুৰ জিনি।
তিনিয়ো জগত বাহু-বলে লৈলা কিনি॥
আমি দুয়ো সেনাপতি ভৈলোঁহো তাহাৰ।
পাছে মহিষকো দেৱী কৰিলা সংহাৰ॥
নমৰ পৰিলা ৰণে পলাইলোঁহোময়।
চণ্ড মুণ্ড দুয়ো জনে পশিয়া (জলত) আছয়॥ [১]


  1. পদ কেইফাকিৰ পৰা আখ্যানটি ভালকৈ বুজিব নোৱাৰি। ৰম্ভাৰ ভাৰ্য্যাৰ যি পুত্ৰ হ'ল তাৰ নাম ৰক্তবীজ; আৰু যক্ষই যি ম’হক মাৰিলে সি পুনৰ্জন্ম ধৰি নমৰ নাম পালে। চণ্ড আৰু মণ্ড ইহঁত দুটায়ো মহিমাসুৰৰ সেনাপতি আছিল। দেৱতাৰ ভয়ত সিহঁত নৰ্ম্মদা নদীৰ জলত লুকাই আছিল।