পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
শ্ৰীশ্ৰীচণ্ডী ৷

সম্বুদ্ধি বোলয়ে আবে তুমি কোন জন।
ৰক্তবীজে বোলে শুনা কুলেৰ নন্দন॥
মহিষাসুৰৰ আছিলোঁহো সেনাপতি
মোৰ পূৰ্ব্ব কথা আৱে শুনিয়ো নৃপতি॥
পূৰ্ব্বত কৰম্ভা ৰম্ভা আছিলা দুই ভাই।
আছিলা দুৰ্জ্জয় মহাবলী দৈত্যৰায়॥
তনয়ৰ অৰ্থে সিটো দুয়ো দৈত্যবৰ।
আচৰিলা উগ্ৰ তপ অনেক বৎসৰ॥
পঞ্চ-তপ আচৰিলা ৰম্ভা মহাযশি।
কৰন্তে আছিলা পঞ্চ-নদ জলে পশি॥
গ্ৰহৰূপ হুয়া পাছে ইন্দ্ৰ দুৰাচাৰ।
পায়ে ধৰি কৰন্তাক কৰিলা সংহাৰ॥
ভ্ৰাতৃ-বধ দেখি পাছে শোকে ৰম্ভাবীৰ।
অগ্নিত পাতিতে চাইলা কাটি নিজ শিৰ॥
দেখা দিয়া অগ্নি তাক মৰিতে বাধিলা।
হৈবে তযু পুত্ৰ বুলি সিবেলাত কৈলা॥
বাঞ্ছিত বৰক পায়া ৰম্ভা গৈলা পাছে।
যি থানত শালবট নামে বক্ষ আছে॥
তহিতে বনত মহিষীক লাগ পাই।
আলিঙ্গি ধৰিয়া ৰমিলেক দৈত্যৰায়॥
ঋতুকাল পূনু ভৈলা ৰম্ভাৰ ভাৰ্য্যাৰ।
দেখি তাইক ধাইলা আউৰ মহিষ দুৰ্ব্বাৰ
পলাইলা মহিষী পাছে ৰাখি সতী-ধৰ্ম্ম।
হেন দেখি ৰম্ভে ধাইলা ধৰি খড়্গ-চৰ্ম্ম