পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম মাহাত্ম্য।

 মেধসে বেলন্ত এহিমতে ভগৱতী।
দেৱতাৰ দেহাহন্তে ভৈলা উতপত্তি॥
পুনৰপি জগতৰ সাধি উপকাৰ।
শুম্ভ আদি দুষ্ট দৈত্য কৰিলা সংহাৰ॥
 দনু নামে কাশ্যপৰ ভাৰ্য্যা মহাশুচি।
তানে তিনি পূত্ৰ শুম্ভ, নিশুম্ভ, নমুছি॥
অস্ত্ৰে শস্ত্ৰে নমুছিৰ মৃত্যু নাহি জানি।
বাসবে মাৰিলা সাগৰৰ ফেন হানি॥
তাৰ দুই ভাই শুম্ভ নিশুম্ভ দুৰ্ব্বাৰ।
ভ্ৰাতৃ-বৈৰী বাসবক কোপে দিলা ধাৰ॥
 পাছে দেৱগণে যুদ্ধ দিলা কৰি খঙ্গ।
শুম্ভ নিশুম্ভৰ হাতে ভৈলা ৰণ ভঙ্গ।
লৈলা দৈত্যে বাসবৰ তিনিয়ো জগত।
নদ-বলে কাঢ়ি গৈলা যাগ-যজ্ঞ যত॥ ১-২
সূৰ্য্য চন্দ্ৰ অগ্নি বায়ু বৰুণৰ কৰ্ম্ম।
দুহন্তে কৰিলা যম কুবেৰৰ ধৰ্ম্ম॥৩
যাৰ যিবা অধিকাৰ দেৱত বৰ্গৰ।
দুই দৈত্যে কাঢ়ি লৈলা যতেক স্বৰ্গৰ॥৪
 পৰ্য্যণ্টি ফুৰন্তে দুয়ো পৃথিবীক আইলা।
ৰক্তবীজ দানবক তৈতে লাগ পাইলা॥