পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
শ্ৰীশ্ৰীচণ্ডী


নানা থান হৈতে নিয়া,  বৃত্তি-বিধানক দিয়া,
 থাপিলেক অনেক ব্ৰাহ্মণ॥
সিঠাৱতে বিপ্ৰবৰ,  নানা গুণে গুণাকৰ,
 ভৈলা কৃষ্ণাচাৰ্য্য শুদ্ধমতি।
তান পুত্ৰ ৰুচিনাথে, দুৰ্গাক সেবিয়া মাঠে,
 চণ্ডী-পদ ৰচিলোঁ সম্প্ৰতি॥
মহিষৰ জন্ম-কথা,  শাপ-বৰ পাইলা যথা,
 সংক্ষেপে ৰচিলোঁ পদ কৰি।
কালিকা পুৰাণ চাই,  আত দিলো মিহলাই,
 পূৰ্ব্ব কৰি পথ অনুসৰি॥
নমো নমো ভগৱতী, তুমি অগতিৰ গতি,
 কৃপাকৰা পতিত পাবনি।
বিপ্ৰ ৰুচিনাথে ভণে, সবে সমাজিক জনে,
 ঘুষিয়ো শঙ্কৰ নাৰায়ণী॥