পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

চণ্ডী মাহাত্ম্য

 চণ্ডী হিন্দুবিলাকৰ প্ৰখ্যাত ধৰ্মগ্ৰন্থ। দেবী-উপাসনা এই গ্ৰন্থৰ প্ৰধান কথা। হিন্দু দৰ্শনে পুৰুষ প্ৰকৃতি এই দুই বিধ তত্ব স্বীকাৰ কৰে। ‘পুৰুষ’ সাকাৰ কল্পনা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আদি, বিভুমূৰ্তি। আৰু প্ৰকৃতিৰ সাকাৰ কল্পনা দুৰ্গা, চণ্ডী, কালী আদি বিভুমূৰ্তি।

 বেদতো প্ৰকৃতি বা দেবী মাহাত্ম্যৰ উল্লেখ দেখা যায়। যেনে, দেবীৰ উক্তিঃ–“দেৱতা আৰু মানব সমাজে যি ব্ৰহ্মতত্ত্ব বিচাৰে মই নিজে তাৰ কথা কওঁ শুনা। মই যাৰ প্ৰতি তুষ্ট হওঁ তেওঁক ব্ৰহ্মত্ব, বিষ্ণুত্ব আদি দান কৰোঁ, মহৰ্ষি কৰোঁ, আৰু অতি মেধাবী তত্ত্বদৰ্শী কৰোঁ।”

অহমেব স্বয়মিদং বদামি
জুষ্টং দেবেভিৰুত মানুষেভিঃ।
যং কাময়ে তং তমুগ্ৰং কৃণোমি
তং ব্ৰহ্মাণং তমৃষিং সুমেধাম্॥
 (ঋগ্বেদ, ১০, মণ্ডল)