পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
শ্ৰীশ্ৰীচণ্ডী৷


শুনিয়োক মহামায়া, মোহোৰেসে ইটো কায়া,
 যিটো দৈত্য মহিষ-আকাৰ॥
সত্য হৌক ঋষি-বাক্য,  নাৰী হুয়া বধোক্ তোক,

(তাক?)


 হৌক সিটো বাহন তোমাৰ।
পাছে দৈত্য অপকাৰ,  আচৰিলা দেৱতাৰ,
 তেৱে দেৱী কৰিলা সংহাৰ॥
আপুনি দেৱীয়ে তাক, বুলি আছা সত্য বাক্,
 তাতে শিবে অনুমতি দিলা।
এহিতেও ঠাকুৰাণী, মহিয দেহাক আনি,
 চৰণত আপনি ধৰিলা॥


গ্ৰন্থকাৰৰ পৰিচয়।

বাসবৰ অংশে জাত,  ৰুদ্ৰসিংহ নামে খ্যাত,
 সৌমাৰ-পীঠৰ অধিপতি।
কামৰূপৰ অধিকাৰী,  দুৰ্জ্জনৰ দণ্ডধাৰী,
 গদাধৰসিংহৰ সন্ততি॥
কচাৰি জয়ন্তিপুৰ,  জিনি গৰ্ব্ব কৰি চুৰ,
 দুয়ো ৰাজা নিলা বন্দী কৰি।
বলে বীৰ্য্যে দানে মানে,  ৰূপে গুণে কলা জ্ঞানে,
 একোৰূপে যাৰ নাহি সৰি॥
ৰঙ্গপুৰ নামে এক, তেন্তে পূৰ কৰিলেক,
 থাপিলেক তৈতে বিপ্ৰগণ৷