পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
শ্ৰীশ্রীচণ্ডী।


তাৰ ভাৰ্য্যা পুত্ৰ জন,  বঢ়াইবা বিভব ধন,
 জানি দায়া কৰিছা আমাক॥৩৬-৩৭
বদতি মেধস মুনি, দেৱৰ প্ৰাথনা শুনি,
 এহি হৌক বুলিলা ঈশ্বৰী।
জগতৰ অৰ্থ মাগি,  বৰ আপোনাক লাগি,
 লৈলা দেৱে তাক স্তুতি কৰি॥
বৰ দিয়া সেহি থান,  দেৱী ভৈলা অন্তৰ্দ্ধান,
 দেৱগণ গৈলা নিজ থানে।
মহিষ দানবপতি,  বধ-কথা সমাপতি,
 পদ বন্ধে ভৈলা এহি মানে॥৩৮-৩৯

ইতি দেৱী-মাহাত্ম্যে মহিষাসুৰবধঃ সমাপ্তঃ।



এহিমতে মহিষৰ, উতপত্তি শাপ বৰ,
 ভৈলেক তিনিয়ো জনমত।
তৃতীয় জন্মক পাই  যি কৰিলা দৈত্যৰায়,
 সিটো কথা কৰিবোঁ বেকত॥
এক দিনা নিদ্ৰা যাই, দেখিলা দানব ৰায়,
 দাৰুণ সোপন বিপৰীত।
কোপে কালৰাত্ৰি মায়ে  শিৰ ছেদি খড়্গ-ঘায়ে,
 মহিষৰ পিলেক শোণিত॥
প্ৰভাতে উঠিয়া বীৰ,  ভয়ে গাৱ নহে স্থিৰ,
 গোঁসানীক আৰাধিবে লৈলা।