পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
শ্ৰীশ্ৰীচণ্ডী


আনো নানা স্তুতি দেৱে কৰিলা অনেক।
সংক্ষেপ পদত তাক লেখিবো কতেক॥
 শুনিয়োক সভাসদ গোঁসানীৰ কথা।
তৰিব দুৰ্গতি তাত নাহিকে অন্যথা॥
যাক সুমৰিয়া দেৱে তৰিলা দুৰ্গতি।
অবজ্ঞা কৰিয়া দৈত্যে লভিলা বিপত্তি॥
আকে জানি নিৰন্তৰে সামাজিক লোক।
ডাক চাৰি দুৰ্গা শিব দুৰ্গা ঘুষিয়োক॥

মেধসে কহন্ত কথা, পাছে দেৱগণে তথা,
 এহিমতে স্তুতি কৰিলেক।
নন্দনৰ পুষ্প দিয়া, চন্দনক নিবেদিয়া,
 গন্ধে ধূপে, পূজিলা দেৱীক॥ ২৮-২৯
তুষ্ট হুয়া ভগৱতী বুলিলা দেৱক প্ৰতি,
 তোমাক বাঞ্ছিত দিবোঁ বৰ।
শুনি এহি স্তুতি চয়  আতি তুষ্ট ভৈলোঁ মই,
 কিবা লাগে কহিয়ো সত্বৰ॥ ৩০-৩২
দেৱে বোলে আমাসাৰ,  প্ৰয়োজন নাহি আৰ,
 ভৈলা কাৰ্য্য বধিলা দৈত্যক। ৩৩-৩৪
তুমি বৰ দিয়া যেৱে, স্মৰিবা মাত্ৰকে তেৱে,
 আমাৰ আপদ নাশিবেক॥ ৬৫
আৰো দিয়া এক বৰ,  স্তুতি কৰে যিটো নৰ,
 এহি স্তুতি পঢ়িয়া তোমাক।