পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
শ্ৰীশ্ৰীচণ্ডী


বিবেকৰ বিদ্যা তুমি সংসাৰকো তাৰা।
তোমাৰ স্বভাৱ হেন দুষ্টক সংহৰা॥
তুমি লক্ষ্মী তুমি গৌৰী পূজে দেৱ-মুনি।
শ্ৰদ্ধা লজ্জা বুদ্ধি আদি হবাহা আপুনি॥৪-১১[১]
পূৰ্ণ চন্দ্ৰ সম মুখ তাতে মন্দ হাসি।
হেনয় তোমাৰ ইটো মুখ দেখি আসি॥
কিমতে কৰিলা কোপ দৈত্য দুৰাচাৰ।
কিনো অদভূত তোমাক কৰিলে প্ৰহাৰ॥ ১২
ভ্ৰূকুটি-কুটিল আৰ মুখ কোপে কত।
উদয় কালৰ পূৰ্ণ চন্দ্ৰমাৰ মত॥
হেন তযু মুখ দেখি ৰম্ভাৰ তনয়।
তেখানে নভৈলা নষ্ট এহিসে বিষ্ময়॥
ক্ৰোধাবিষ্ট অন্তকৰ আগে হুয়া থিৱ।
হেন কোন আছে যেন নচাৰিবে জীৱ॥১৩[২]
তুমি ৰুষ্ট হৈলে মাগো হোৱে কুলক্ষয়।
সাক্ষাতে দেখিলোঁ মাগো দৈত্যৰ প্ৰলয়॥
তুমি তুষ্ট ভৈলে হোৱে যশ ধৰ্ম্ম ধন।
পাৱে মান্য বৈশ্য হোৱে ভাৰ্য্যা পুত্ৰ জন॥১৫
তযু অনুগ্ৰহে কৰি ধৰ্ম্ম স্বৰ্গে যায়।
ইহ পৰকালে ফল-দাতা তুমি আই॥ ১৬


  1. এইখিনি ৪ৰ পৰা ১১ শ্লোকৰ সাৰাংশ হে; পূৰ্ণ অনুবাদ নহয়।
  2. ইহাৰ পাছত ১৪ শ্লোকৰ অনুবাদ নাই। তাৰ অৰ্থ এই
    হে দেৱি! জগতৰ হিতৰ বাবেই তোমাৰ অৱতাৰ। তুমি অসুৰ
    ৰ নিৰ্মূল কৰি আমাৰ মঙ্গল কৰা।”