পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
শ্ৰীশ্ৰীচণ্ডী


কম্পাইয়া শৃঙ্গ সিটো দানব প্ৰচণ্ড।
তাৰ ঘায়ে মেঘগণ ভৈলা খণ্ড খণ্ড॥
নিশ্বাসৰ বায়ে গিৰি উঠিলা অনেক।
পুনঃ আকাশত হন্তে আসি পৰিলেক॥২৭
এহিমতে কোপত জ্বলিলা দৈত্য ৰায়।
ধায় আসে তাক পাই পাছে দুৰুগাই॥
দৈত্যক বধিতে প্ৰতি খঙ্গিলা ভবানী।২৮
মহিষক বান্ধি থৈলা নাগপাশ হানি॥
বান্ধিবাৰে জানি দৈত্যে কৰিয়া আস্ফোট।
তাৰো গোঁসানীয়ে কাটিলন্ত মাথা গোট॥
তেতিক্ষণে সিংহ গুছি ভৈলা পুৰুষেক।
খড়গ চৰ্ম্ম ধৰি সিটো আইলা যুঝিবাক॥২৯-৩০
পুৰুষ গুছিয়া পাছে দৈত্য বলিবৰ।
মহা হস্তী গোট হুয়া গৰ্জ্জিলা অপাৰ॥ ৩১
দেৱীৰ সিংহক অঝুৰিলা সিংহে ধৰি।
খড়গ হানি শুণ্ড তাৰ কাঢিল ঈশ্বৰী॥৩২
শুণ্ড কাটা গৈলে সিটো দানব দুৰ্ব্বাৰ।
হস্তী ছাড়ি ভৈলা সিটো মহিষ আকাৰ॥


 *২৯ৰ পৰা ৩২ শ্লোকলৈকে এইখিনিৰ অৰ্থ পদৰ পৰা ভালকৈ বুজিৱ নোৱাৰি। দেৱী নাগ পাশ হানি” মহিষক বান্ধি থোৱাৰ পাছত সি মাহিষ রূপ এৰি সিংহ হ’ল (“তত্যাজ মাহিষং ৰূপং” আৰু “ততঃ সিংহোহভবৎ সদ্যো”)। তাৰো “মাথাগোট’ কাটিলত, সি তেতিয়া “খড়গপাণি পুৰুষ” হ'ল। আৰু দেৱী যেতিয়া

সেই পুৰুষক বাণেৰে ছেদন কৰিলে তেতিয়া “মহ হস্তীগোট’ হ’ল।