পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
শ্রীশ্রীচণ্ডী ।


অস্ত্ৰৰ শস্ত্ৰৰ তেজে চাহান নযাই।
দেদ-সুৰগণে স্তুতি কৰিছে বিনাই॥
হেন দেখি দৈত্যগণে নুশুনিলা তাক।
ধৰ মাৰ ৰোল কৰি বেঢ়িলা দুৰ্গাক॥
 তাত অনন্তৰে সিটো অসুৰগণৰ।
দেৱীয়ে সহিতে ঘোৰ লাগিল সমৰ॥
নানা অস্ত্ৰ-শস্ত্ৰ প্ৰহৰিলা আসৰিশ।
তাৰ কান্তি লাগি প্ৰকাশিত ভৈলা দিশ॥৪০
মহিষৰ সেনাপতি নামত চামৰ।
চতুৰঙ্গ সেনা লৈয়া কৰিলা সমৰ॥
নামত চিক্ষুৰ যিটো সেনাপতি তাৰ।
সমদলে সাজি সিটো দৈত্যে দিল লৰ॥৪১
বাস্কল অসুৰে লৈয়া ষাঠি লক্ষ ৰথ।
ধায়া গৈলা লক্ষ্য কৰি সংগ্ৰামৰ পথ॥
ষাঠি সহস্ৰেক ৰথ লৈয়া নিজ সঙ্গে।
উদগ্ৰ দানব যুঝিবাক গৈলা খঙ্গে। ৪২
এক কোটি ৰথ সমে হনু মহাবীৰ।
সমৰত পশি বুঝিবাক ভৈলা থিৰ॥
অসিলোম নাম যিতো দৈত্য মহাবলী।
পঞ্চকোটি ৰথ লৈয়া সিটো গৈলা চলি॥৪৩
ৰথ পটি হয় হস্তী অনেক হাজাৰ।
লগে লৈয়া যুদ্ধ দিলা দৈত্য পৰিবাৰ।৪৪ [১]

  1. মূলত “গজবাজিসহস্ৰোঘৈৰনেকৈঃ পৰিবাৰিতঃ” আছে
    দৈত্যৰ নাম “পৰিবাৰিত” হে।