পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শ্রীশ্রীচণ্ডী।


হিমালয়ে দিলা সিংহ দেৱীৰ বাহন।
দিলা অতি মনোৰম বিবিধ ৰতন॥
সুৰাসমে পান-পাত্ৰ দিলা ধনেশ্বৰ।৩০
অনন্তে দিলন্ত মনোহৰ দিব্যহাৰ॥৩২
আনো দেৱবৰ্গে তাঙ্ক কৰি সতকাৰ।
দিলা অস্ত্ৰ-শস্ত্ৰ নানাবিধ অলঙ্কাৰ॥
 পাছে দেৱী অট্টহাস কৰিলা অপাৰ।
কৰিলা প্ৰচণ্ড সিংহে নাদ বহুতৰ।৩২
সেহি নাদে পূৰিলেক সমস্ত আকাশ।
তাৰ ঘোৰ প্ৰতিধ্বনি গৈলা দিশ-পাশ॥৩৩
ক্ষোভ ভৈলা সবে লোক ভূমিকম্প যাই।
খলকিলা সাগৰ পৰ্ব্বতক কম্পাই॥৩৪
জয় দুৰ্গা বুলি ঘোষে দেৱ-মুনিগণ।
ভক্তিভাৱে স্তুতি কৰিলন্ত মুনিগন॥৩৫
কি ভৈলা ইগোট বুলি কোপে দৈত্যৰায়। -
সেই শবদকে লক্ষ্য কৰি গৈলা ধাই॥
চৌ-পাশে দানব সৈন্য আবৰিয়া যাই।
কতোক্ষণে পাইলা গৈয়া গোঁসানীৰ ঠাই॥৩৬-৩৭
দেখিলা মহিষে গৈয়া আছন্ত ভবানী।
সহস্ৰেক ভুজে আছে দশোদশে চানি॥
তিনি লোক ব্যাপি জ্বলে শৰীৰৰ কান্তি।
চৰণে আক্ৰমি আছে পৃথিবীক যান্তি॥
কিৰীটিয়ে আকাশ-পথক আছে জুৰি।
ধনুৰ শবদে আছে পাতালক পূৰি॥৩৮ ৩৯