পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শ্রীশ্রীচণ্ডী।


জঙ্ঘা-উৰু বৰুণৰ তেজে উতপন।
বিষ্ণু-তেজে বাহু ভৈলা চন্দ্ৰ-তেজে স্তন॥
ভৈলেক ব্ৰহ্মাৰ তেজে চৰণ যুগল।
সূৰ্য্য-তেজে তাৰ ভৈলা অঙ্গুলীসকল॥
ভৈলেক বসুব তেজে হস্তৰ অঙ্গুলি।
অন্য দেৱৰ তেজে ভৈলা শৰীৰ সমূলি॥১৪-১৮[১]
সমস্ত দেৱৰ তেজ মিলি এহিমত।
উপজিলা দেবী দেখি আছে দেব যত॥
জানিলোঁ আমাৰ শত্ৰু ভ্ৰূব হৈব ক্ষয়।
এহি বুলি আনন্দিত হৈল দেবচয়॥১৯
 শূলহন্তে শূল পাটি কাঢ়ি আনি হৰে।
ভবানীক প্ৰতি দিলা তাৰ অনন্তৰে॥
উদ্ধৰিয়া চক্ৰগোট নিজ চক্ৰ হন্তে।
দুৰ্গাক লাগিয়া দিলা কৃষ্ণ ভগৱন্তে॥২০
বৰুণে দিলেক শঙ্খ আৰ নাগপাশ।
শক্তি নামে অস্ত্ৰ আনি দিলন্ত হুতাশ॥
বায়ুয়ে [২] দিলন্ত ধনু দেৱীক সাদৰি।
দিলা দুই গোটা তূণ অস্ত্ৰে আছে ভৰি॥২১
ঐৰাৱত হন্তো ঘণ্টা দিলা দেৱৰাজ।
বজ্ৰকো দিলন্ত বজ্ৰহন্তে কৰি বাজ॥২২


  1. এইকেইটা শ্লোকৰ পদখিনি মূল চণ্ডীৰ লগত ধাৰাবাহিক-
    ৰূপে নিমিলিলেও, মূলৰ গোটেইখিনি কথা ইয়াত আছে।
  2. মূলত “মাৰুতো দত্তবাংশ্চাপং” আছে।