পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
শ্রীশ্রীচণ্ডী ।


 মেধস বদতি কথা শুনা নৃপবৰ।
দুঃখৰ কাহিনী শুনি দেৱতাগণৰ॥
হৰি-হৰ দুহন্তৰ কোপ উপজিলা।
ভ্ৰুকুটি- কুটিল মুখ দুহন্তৰ ভৈলা॥৯
ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ ক্ৰোধ গুৰুতৰ।
তেজ-পুঞ্জ বাজ ভৈলা তিনিৰো মুখৰ॥১০
ইন্দ্ৰ আদি কৰি যত দেৱতাগণ।
বাজ ভৈলা তেজ-পুঞ্জ দেৱতাগণৰ॥
এহি মতে সমস্ত দেৱৰ তেজৰাশি।
একস্থান হুয়া ভৈলা ভিন্নে ভিন্নে আসি॥১১
প্ৰভাতৰ সূৰ্য্য যেন জ্বলে তেজচয়।
তাৰ কান্তি লাগি দিশ-পাশ প্ৰকাশয়॥
অদ্ভুত দেখিয়া দেৱগণে চাহি আছে।
সিটো তেজ-পুঞ্জ একস্থান হুয়া পাছে॥
তথাতে ভৈলেক নাৰীগোটা তেতিক্ষণ।
তাৰ কান্তি বিয়াপিল তিনিয়ো ভুবন॥ ১২-১৩
 শঙ্কৰৰ তেজে তাৰ ভৈলেক বদন।
অগনিৰ তেজে ভৈলা ত্ৰিতয় নয়ন॥
সন্ধ্যাদেৱ তাৰ তেজে ভ্ৰূব ভৈলা জাত।
কুবেৰৰ তেজে ভৈলা নাসিকা সাক্ষাত॥
প্ৰজাপতি–দেৱতাৰ তেজে ভৈলা দম্ভ।
পৃথিবীৰ তেজে তাৰ নিতম্ব ভৈলন্ত॥
বায়ু-তেজে কৰ্ণ ভৈলা যম-তেজে কেশ।
বাসবৰ তেজে ভৈলা তাৰ মধ্যদেশ॥