পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
শ্রীশ্রীচণ্ডী।


হেৰা হৰি হৰ, দেৱ সমস্তৰ,
 পৰম আপদ ভৈলা॥ ৫
দেখি দেৱবৰ্গ, কাঢ়ি লৈলা স্বৰ্গ,
 মহিয নামে অসুৰে।
মানুষৰ ন্যায়, হুয়া দেৱচয়,
 আৱে পৃথিবীত ফুৰে॥
অগ্নি, বায়ু, ইন্দ্ৰ, যম, সূৰ্য্য, চন্দ্ৰ,
 বৰুণ আদি যতেক।
সবে দেৱতাৰ, লৈলা অধিকাৰ,
 আপুনি দেৱ ভৈলেক॥৬-৭
কহিলোঁ সকলে, মহিষ নিস্খলে,
 কৰিলে যত অন্যায়।
আৱেদেবগণে, পশিল শৰণে,
 তোমাসাৰ আসি ঠাই॥
কেনমতে আক, পাৰি বধিবাক,
 চিন্তিয়ো হেন উপায়।
অনেক নিকাৰ দিলা দুৰাচাৰ,
 সহন আৰ নাযায়॥
শুনা সভাসদ, পুৰাণৰ পদ,
 সিজিবে বাঞ্ছিত কাম।
দেৱীৰ চৰণে, পশিয়ো শৰণে,
 বোলা দুৰ্গা শিব ৰাম॥

⸻০⸻