পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শ্ৰীশ্ৰীচণ্ডী


পায়া ঋষি-শাপ, নাই অনুতাপ,
 দানব নিস্খল আতি।
যত চৰাচৰ, প্ৰাণী নিৰন্তৰ,
 পীড়া কৰে দিনে ৰাতি॥
বলৰ দৰ্পত, হুয়া উনমত,
 স্বৰ্গ কাঢ়ি লৈবে প্ৰতি।
চতুৰঙ্গ দল সাজি মহাবল,
 মহিষে কৰিলা মতি॥

⸻০⸻



সিবেলা দেৱৰ, ৰাজা পুৰন্দৰ,
 সহিতে বিৰোধ ভৈলা।
দেৱ-দানবৰ, শতেক বৎসৰ,
 সমৰ কৰন্তে গৈলা। ১-২
পাছে মহাবল, অসুৰ সকল,
 দেৱক জিনিলা ৰণে।
মহিষ-দানব, স্বৰ্গত বাসব,
 আপুনি ভৈলা তেখনে॥
হাৰিয়া সমৰ দেৱ নিৰন্তৰ,
 বিধাতাৰ আগ কৰি।
চলিয়া গৈলন্ত, যথাতে আছন্ত,
 শঙ্কৰে সহিতে হৰি॥ ৪
গৈয়া দেৱতাক, পশিয়া সভাক,
 গোচৰ কৰিবে লৈলা।