পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
শ্ৰীশ্ৰীচণ্ডী


তোমাতে শৰণ, পশে যিটো জন,
 পায়ে সিটো নব নিধি।
জগত-আশ্ৰয়,  নমো কৃপাময়,
 তুমি বিধাতাৰ বিধি।
এমতে অনেক, স্তুতি কৰিলেক,
 পাছে বুলিলন্ত বাণী।
মোক লাগি যেৱে, দয়া আছে তেৱে,
 দিয়ো পুত্ৰ এক খানি॥
চিৰজীৱী ধীৰ, অবধ্য শৰীৰ,
 সত্যবাদী যশৱন্ত।
দৈত্য-দেৱতাক, পাৰে জিনিবাক,
 হৈব হেন বলৱন্ত॥
বিভূতি অনেক, পুত্ৰৰ হৈবেক,
 হৈব সৰ্ব্বগুণে গুণী।
তিনি জনমত, পুত্ৰ এহি মত,
 হৈবাহা তুমি আপুনি॥
শঙ্কৰে বোলয়, তোমাৰ তনয়,
 হৈবেক ই নিষ্ঠে জান।
এহি বুলি হৰে, তাত অনন্তৰে,
 ভৈলা তেন্তে অন্তৰ্দ্ধান॥
পায়া এহি বৰ, সিটো নিশাচৰ,
 নিজ থানে গৈলা পাছে।
যাহন্তে পথত দেখিলা বনত,
 মহিষ এক গোটা আছে॥